নতুন দিল্লীত কালি ভাৰত আৰু লেছ’থোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্র্যালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি বৈঠকত পূব আৰু দক্ষিণ আফ্ৰিকাৰ যুটীয়া সচিব জনেছ কেইন আৰু লেছ থোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ শাখাৰ মুখ্য সচিব থাবাং লেখেলাই সহ-অধ্যক্ষতা কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। আলোচনাকালত দুয়ো দেশৰ মাজত ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উন্নয়নমূলক সহযোগিতা, সামর্থ বিকাশ, মানবীয় সাহায্য, দুর্যোগ সাহায্য আদি বিষয়সমূহে আগস্থান লাভ কৰে।
Assamese | August 1, 2026 12:14 PM
ভাৰত-লেছ’থোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক