September 22, 2024 11:02 AM | PM Modi Quad Leaders Summit

printer

ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ভাৰতে ৪০ নিযুত পালি প্রতিষেধক আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ৪০ নিযুত পালি প্রতিষেধক আগবঢ়াব। কোৱাড শীৰ্ষ সন্মিলনৰ সময়তে কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ সৈতে জড়িত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে এইদৰে কয়। কৰ্কট ৰোগৰ চিনাক্তকৰণ, প্ৰতিৰোধ আৰু চিকিৎ‍সাৰ ক্ষেত্ৰত উদ্ভাৱনী কৌশল প্ৰয়োগৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাই কয় যে, এই কার্যসূচীয়ে ব্যয় সাধ্য, সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ বাবে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ সংকল্পকে প্রতিফলিত কৰে। তেওঁ কয় যে, ক’ভিড মহামাৰীৰ সময়ত কোৱাড ৰাষ্ট্ৰগোষ্ঠীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দেশসমূহক প্ৰতিষেধকৰ যোগান ধৰিছিল আৰু কৰ্কট ৰোগৰ প্ৰত্যাহ্বানক একত্ৰিতভাৱে প্ৰতিৰোধ কৰাৰ বাবে বৰ্তমান এই ৰাষ্ট্ৰগোটে গ্ৰহণ কৰা সিদ্ধান্তক শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে ৷