ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্য, স্বাস্থ্য আৰু ভেষজ, ডিজিটেল প্রযুক্তি, কৃষি আৰু উন্নয়ন অংশীদাৰিত্বকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মত হৈছে। নতুন দিল্লীত অনুষ্ঠিত ভাৰত-ভেনিজুবেলা, বৈদেশিক কাৰ্যালয়ৰ পৰামৰ্শৰ পঞ্চমখন বৈঠকত আজি দুয়োখন দেশে এই ক্ষেত্ৰত সন্মতি প্রকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূবৰ সচিব পি কুমাৰণ আৰু ভেনিজুৱেলাৰ বৈদেশিক পৰিক্ৰমা উপ-মন্ত্রী টাটিয়ানা যোচেফিনা পুগ ম’ৰেন’ৱে এই বৈঠকত সহঅধ্যক্ষতা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কয় যে দুয়োখন দেশে পাৰস্পৰিক স্বার্থ সম্বলিত বিভিন্ন দিশত সহযোগিতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্রুতিবদ্ধতাৰ কথা দোহাৰে। দুয়োখন দেশে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিকাশৰ বিভিন্ন বিষয়ত মত-বিনিময় কৰাৰ লগতে ভাৰত-ভেনিজুবেলা অংশীদাৰিত্ব বৃদ্ধিৰ বাবে সহযোগিতা গভীৰ কৰি তোলাৰ ক্ষেত্ৰত সন্মতি প্রকাশ কৰে।
Assamese | November 26, 2025 8:22 PM | The 5th India-Venezuela Foreign Office Consultation
ভাৰত আৰু ভেনিজুৱেলাই বাণিজ্যকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ খণ্ডত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে