August 19, 2026 11:22 AM

printer

ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি পীয়ুষ গোৱেলৰ প্ৰকাশ

ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। নতুন দিল্লীত কালি জাপানৰ এটা প্ৰতিনিধি দলক উদ্দেশি দিয়া ভাষণত শ্রীগোৱেলে কয়, যে ভাৰত আৰু জাপানে ভাৰত
প্রশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ উমৈহতীয়া অভিলাষেৰে এটা নিকট আৰু শক্তিশালী সম্পর্ক বজাই ৰাখি আহিছে। তেওঁ কয়, যে দেশখনৰ য়ামানাচিৰ পৰা অহা এই প্রতিনিধি দলটোৰ ভ্ৰমণে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় হোৱাটোকে প্ৰতিফলিত কৰিছে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক বাণিজ্য ২০২৫-২৬ বিত্তীয় বৰ্ষত ২৭ দশমিক ৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে আৰু সম্প্রতি জাপান ভাৰতৰ পঞ্চম বৃহৎ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ উৎস বুলি শ্রীগোৱেলে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত আৰু জাপানৰ বৰ্ধিত অংশীদাৰিত্ব বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছে। এই প্ৰসংগত তেওঁ মুম্বাই-আহমেদাবাদ উচ্চ গতিসম্পন্ন ৰে’ল প্ৰকল্প, জাপানৰ সাহায্যত দিল্লী, আহমেদাবাদ, বেংগালুৰু আৰু চেন্নাই মেট’ ব্যৱস্থা তথা ৮ খন ৰাজ্যত ১১ খন জাপানৰ ঔদ্যোগিক নগৰী স্থাপনৰ বিষয়ে উল্লেখ কৰে।