ভাৰতৰ ঔষধৰ পার্শ্বক্রিয়া নিৰীক্ষণ যাত্ৰা বছৰ বছৰ ধৰি আত্মনিৰ্ভৰশীলতাৰ উল্লেখযোগ্য নিদর্শন হৈ আহিছে বুলি কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলৰ মন্তব্য

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে কয়, যে ভাৰতৰ ঔষধৰ পার্শ্ব প্রতিক্রিয়া নিৰীক্ষণ যাত্ৰা বছৰ বছৰ ধৰি আত্মনিৰ্ভৰশীলতাৰ উল্লেখযোগ্য নিদর্শন হৈ আহিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় ফর্মুলাৰীৰ সপ্তম সংস্কৰণ মুকলি কৰাৰ সময়ত মন্ত্ৰীৰাকীয়ে এইদৰে কয়।

মন্ত্ৰীগৰাকীয়ে কয়, যে বর্তমান দেশত ১১০০ ৰো অধিক ঔষধৰ পার্শ্ব প্রতিক্রিয়া নিৰীক্ষণ কেন্দ্ৰ কার্যক্ষম হৈ আছে আৰু এই সংখ্যা প্রাথমিক স্বাস্থ্য সুবিধা পর্যায়লৈকে বৃদ্ধি কৰাৰ বাবে চৰকাৰে লক্ষ্য লৈছে। বিশ্বৰ ২৫ খন দেশে ভাৰতীয় ঔষধ কোষৰ স্বীকৃতি আৰু গ্ৰহণ কৰাৰ লগতে WHOৰ ৰোগীৰ সুৰক্ষাৰ তথ্য কোষলৈ ঔষধৰ পার্শ্ব প্রতিক্রিয়া নিৰীক্ষণ যাত্রা তথ্য প্রদান কৰে।