ভাৰতে ২০৪৭ চনৰ ভিতৰত দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ প্ৰধানমন্ত্ৰী

ভাৰতে ২০৪৭ চনৰ ভিতৰত দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত দিৱালী মিলন অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্ৰীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ স্বাধীনতা লাভৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে একেলগে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

শেহতীয়া কেইটামান বছৰত লাভ কৰা সাফল্যৰ বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত সফলভাৱে অৱতৰণ কৰি ভাৰতে ইতিহাস ৰচনা কৰা বুলি উল্লেখ কৰে। তেওঁ কয়, যে ভাৰত ইতিমধ্যে বিশ্বৰ দ্বিতীয় সর্ববৃহৎ ম’বাইল ফোন উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে আৰু মাত্র ১২ বছৰত সৌৰ বিদ্যুৎ উৎপাদন সামর্থ্য ৫০ গুণৰো অধিক বৃদ্ধি হৈছে। বিগত ১২ বছৰত ভাৰতে বিশ্বৰ তৃতীয় সর্ববৃহৎ ষ্টার্টআপ অনুকুল ব্যৱস্থা হিচাপে আত্মপ্ৰকাশ কৰা বুলি তেওঁ উল্লেখ কৰে৷

প্রধানমন্ত্ৰীয়ে দেশৰ ইউ পি আই ব্যৱস্থা বিশ্বৰ সৰ্ববৃহৎ প্রকৃত সময়ৰ পেমেণ্ট ব্যৱস্থা বুলি উল্লেখ কৰে। তেওঁ লগতে দেশৰ যুৱ চামে যাতে ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হব পাৰে তাৰ বাবে এই বিষয়ত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে সংবাদ মাধ্যমসমূহক সামাজিক বিষয় তথা ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰা বিষয়সমূহ প্ৰচাৰ কৰিবলৈ আহ্বান জনায়। মন কী বাত অনুষ্ঠানৰ জৰিয়তে তেওঁ নিৰন্তৰ দেশৰ সফলতা তথা নাগৰিকৰ সাফল্যক এখন মঞ্চ প্ৰদানৰ চেষ্টা কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সংবাদ মাধ্যমক ভাৰতৰ সফলতাৰ কাহিনী প্ৰচাৰ কৰিবলৈ আহ্বান জনায়।

প্রধানমন্ত্ৰীয়ে কয়, যে পোহৰৰ উৎসৱ দীপাৱলীৰ উৎসাহ-উদ্দীপনাৰ অন্ত পৰিছে আৰু ষট পূজাৰ প্ৰস্তুতি অন্তিম পৰ্যায়ত উপনীত হৈছে। তেওঁ সকলোকে এই উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।