ভাৰতত বিগত ১০ বছৰত সৌৰ শক্তি উৎপাদনৰ পৰিমাণ ৩২ শতাংশ বৃদ্ধি হৈছে আৰু দেশে এই গতি আৰু সাফল্যৰে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট শক্তি আহৰণ কৰিবলৈ সমৰ্থ হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত প্ৰথম আন্তঃৰাষ্ট্ৰীয় সৌৰ উৎসৱত ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে অংশ লৈ এইকথা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতে বিগত কেইটামান বছৰত সেউজ শক্তি আহৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে আৰু জি-টুৱেণ্টী ৰাষ্ট্ৰৰ ভিতৰত পুনৰ নৱীকৰণযোগ্য শক্তি আহৰণৰ পেৰিছ প্ৰতিশ্ৰুতিৰ সাফল্য অৰ্জন কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হৈছে।
Assamese | September 5, 2024 6:13 PM | PMO India | Solar | Solar Festival
ভাৰতত বিগত ১০ বছৰত সৌৰ শক্তি উৎপাদনৰ পৰিমাণ ৩২ শতাংশ বৃদ্ধি