ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে অফলামুখ-নিমাতীঘাটৰ মাজৰ ফেৰী সেৱা সাময়িকভাৱে বন্ধ

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ-নিমাতীঘাটৰ মাজত চলাচল কৰা ৰ’পেক্স জাহাজ সেৱাকে ধৰি সকলোধৰণৰ ফেৰী সেৱা আজিৰেপৰা সাময়িকভাবে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্রই এই কথা প্রকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পর্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব।

ইফালে, কমলাবাৰী নিমাতী ঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্র ছাত্রীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা ১০ বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কর্মচাৰীসকলে প্রকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূর্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে।