August 6, 2026 8:06 PM | BRICS START

printer

ব্রিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰীকচ ৱেভছ বাজাৰ আৰম্ভ

ব্রিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ৫শৰো অধিক প্রতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অর্থনীতিৰ বাবে প্রধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰীকচ ৱেভছ বাজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী আশীষ ছেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ, অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্রজ্বলনেৰে এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী আশীষ ছেলাৰে কয়, যে আজি ভাৰতে বিশ্ব গুৰু হিচাপে উচিত স্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অর্থনীতিৰ গুৰুত্বপূর্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয়, যে ব্রীকচ ৱেভছ বজাৰ এনে এখন মঞ্চ, য’ত ব্যবসায়ীক ধাৰণাসমূহে সীমা অতিক্রমী সুনির্দিষ্ট অংশীদাৰিতুলৈ গতি কৰিছে। তেওঁ উল্লেখ কৰে যে শিল্প আৰু প্ৰযুক্তিৰ মাজত থকা সীমা বিলীন হৈ গৈছে, যিয়ে গোলকীয় সৃষ্টিশীল অর্থনীতিৰ ভৱিষ্যত গঢ় দিছে। তেওঁ ঔদ্যোগিক নেতাসকলক সৃষ্টিশীল যুৱক সকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্রদান কৰিবলৈ আহ্বান জনাইছে।

জনসমাবেশক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে এই ব্রীকচ ৱেভ বজাৰ ২০ খন অংশীদাৰী দেশৰ ৫০০ তকৈও অধিক প্রতিনিধি আৰু ৮০ খনতকৈও অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ’ব।

দুদিনীয়া এই অনুষ্ঠানত একাধিক আলোচনা, উপস্থাপন আদি অনুষ্ঠিত হব।