● কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে আজি কয় যে বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে এতিয়ালৈ এক লাখ ১৫ হাজাৰ ৩৫১ কোটি টকাৰ বিনিয়োগৰ আৱেদন লাভ কৰিছে। তেওঁ জনোৱামতে চৰকাৰে কেৱল ৫৯ হাজাৰ ৩৫০ কোটি টকা বিনিয়োগৰ লক্ষ্যহে গ্ৰহণ কৰিছিল। এই বিনিয়োগৰ ফলত চৰকাৰে ১০ লাখ কোটি টকাৰো অধিক উৎপাদনৰ আশা কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ জৰিয়তে ১ লাখ ৪১ হাজাৰ যুৱক যুৱতীক প্ৰত্যক্ষভাৱে নিযুক্তি দিব পৰা যাব।
Assamese | October 2, 2025 9:02 PM | Akashvani | Akashvani News | Ashwini Baishnav
বৈদ্যুতিন সামগ্রী উৎপাদন আঁচনিখন ঘৰুৱা বিনিয়োগকাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীৰ পৰাও অভূতপূৰ্ব সঁহাৰি লাভ কৰিছেঃ অশ্বিনী বৈষ্ণৱ