বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত গয়াজি আৰু কিষাণগঞ্জ সমষ্টিত সৰ্বাধিক ১৬ শতাংশ ভোটদান সম্পন্ন হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ বাসীক দলে বলে ভোটদান কৰিবলৈ আহ্বান জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা যুৱ ভোটাৰসকলক নিশ্চিন্তমনে ভোট দিবলৈ আহ্বান জনায়। ৰাজ্যখনত ৬ নৱেম্বৰত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় ৬৫ শতাংশ ভোটদান সম্পন্ন হৈছিল। ভোটগণনা ১৪ নৱেম্বৰত কৰা হ’ব।
Assamese | November 11, 2025 6:30 PM | Akashvani | Akashvani News | Bihar | Bihar Assembly Election | Bihar Election | Political News
বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ