November 11, 2025 7:34 PM

views 105

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি ৫ বজালৈ ৬৭.১৪ শতাংশ ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পুৰ্ণিয়াত সৰ্বাধিক ৭০ শতাংশ ভোটদাতাই নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে । কিষাণগঞ্জ সমষ্টিত বিয়লি ৫ বজালৈ সৰ্বাধিক ৭৬.২৬ শতাংশ ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ ১,৩০২ গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাক...

November 11, 2025 6:30 PM

views 77

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ

বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। শেহতীয়া তথ্য অনুসৰি ৩১.৩৮ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত ২০ খনৰো অধিক জিলাৰ ১২২ টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। মুঠ এহেজাৰ ৩০২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৩ কোটি ৭০ লাখৰো অধিক ভোটদাতাই নিৰ্ণয় কৰিব। প্ৰাৰ্থীসকলৰ ভিতৰত ১৩৬ গৰাকী মহিলা। পুৱা ৭ বজাত আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া সন্ধিয়া ৬ বজালৈকে চলিব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত ৭ টা সমষ্টিত সন্ধিয়া ৫ বজাত ভোটগ্ৰহণৰ অন্ত পৰিব ৷ ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে চলাৰ ক্ষ...

November 9, 2025 8:02 PM

views 83

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ প্ৰচাৰ অভিযান

বিহাৰ বিধানসভা নির্বাচনৰ প্ৰচাৰৰ আজি শেষৰ দিনা বিভিন্ন ৰাজনৈতিক দলৰ নেতা তথা তাৰকা প্ৰচাৰকসকলে ৰাজ্যখনত প্ৰচাৰ অভিযান চলায়। আজি সন্ধিয়া ছয় বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। এন ডি এ আৰু মহামিত্রজোটৰ নেতাসকলে বিভিন্ন সমষ্টিত নির্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত কেন্দ্রীয় মন্ত্রী অমিত শ্বাহ, ৰাজনাথ সিং, শিৱৰাজ সিং চৌহান আদিয়ে বিভিন্ন নির্বাচনী সভাত ভাষণ দিয়ে। জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কিষাণগঞ্জ আৰু পূর্ণিয়াত মহামিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কাইমুৰত ...

November 6, 2025 3:01 PM

views 93

দিনৰ ১১ বজালৈ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ২৭.২৬ শতাংশ ভোটদাতাৰ ভোটদান

—বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। ৰাজ্যখনত দিনৰ ১১ বজালৈ ২৭.২৬ শতাংশ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে। বেগুচৰাই জিলাত সৰ্বাধিক ৩০.৭ শতাংশ ভোটদান হৈছে। ৰাজ্যখনৰ কেইবাগৰাকীও আগশাৰীৰ নেতাই আজি পুৱাৰ ভাগত ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পাটনা জিলাৰ বটিয়াৰপুৰত, উপ-মুখ্যমন্ত্ৰী তথা তাৰাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সম্রাট চৌধুৰীয়ে মুংগেৰত ভোটদান কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায় আৰু তেওঁৰ পত্নীয়ে হাজিপুৰত ভোটদ...

November 4, 2025 12:01 PM

views 93

বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত

● বিহাৰৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। এন ডি এ, আৰু মহা মিত্ৰজোঁটৰ তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ উপৰি ভিন ভিন ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে সমদল, জনসভা আদিৰ জৰিয়তে ভোটদাতাৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি বিহাৰৰ বৈশালী জিলাৰ ৰঘুপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীৰ হকে নির্বাচনী প্ৰচাৰ চলাব। তেওঁ পাটনাৰ ফাটুহা, চ...

November 2, 2025 11:20 AM

views 85

বিহাৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে

বিহাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চূড়ান্ত পর্যায়ত উপনীত হৈছে। ৰাজনৈতিক দলসমূহৰ শীর্ষ নেতাসকলে ৰাজ্যখনৰ বিভিন্ন স্থানৰ নিৰ্বাচনী ৰেলী, জনসভা আদিত অংশগ্ৰহণৰ জৰিয়তে ভোটদাতা ৰাইজৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দিনজোৰা নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বিহাৰলৈ যাব। বিয়লি প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰা আৰু নাৱাৰাত দুটাকৈ ৰেলীত অংশগ্ৰহণ কৰিব। আজি সন্ধিয়াৰ ভাগলৈ প্ৰধানমন্ত্ৰীগৰাকী পাটনালৈ উভতি যোৱাৰ কথা আছে। ইয়াৰ পাছত শ্রী মোদীয়ে পাটনাত ৰাষ্ট্ৰকবি ৰা...

October 26, 2025 11:17 AM

views 90

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে

এন ডি এ আৰু মহা মিত্রজোট তথা অন্যান্য দলসমূহৰ তাৰকা প্ৰচাৰকসকলে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। প্ৰচাৰ অভিযানত দুয়োটা দলৰ জ্যেষ্ঠ নেতাসকলে ৰাজ্যখনৰ আইন শৃংখলা, নিবনুৱা সমস্যা, উন্নয়ন আৰু বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মৌখিক আক্রমণ-প্ৰতি আক্ৰমণ কৰা দেখা গৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে কালি দ্বিতীয় দিনাও একেৰাহে দলীয় প্ৰাৰ্থীৰ হকে কেইবাখনো নির্বাচনী সভাত ভাষণ দিয়ে। ইপিনে মিত্ৰজোঁটৰ মুখ্যমন্ত্রীত্ব প্রত...

October 22, 2025 3:03 PM

views 75

বিহাৰ বিধানসভা নিৰ্বাচনত কেইবাগৰাকীও প্রাক্তন সাংসদৰ নির্বাচনী যুঁজত অৱতীৰ্ণ

● বিহাৰ বিধানসভা নিৰ্বাচনত এইবেলি কেইবাগৰাকীও প্রাক্তন সাংসদে নির্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ইয়াৰে ভিতৰত কেইবাগৰাকীও প্রার্থীয়ে ২০২৪ চনত লোসসভা নিৰ্বাচন পৰাজিত হৈছে। আমাৰ সংবাদদাতাই জনাইছে যে জে ডি য়ুই ৰাজ্যখনৰ বিভিন্ন সমষ্টিৰ পৰা সৰ্বাধিক প্রাক্তন সাংসদক প্রার্থীত্ব প্রদান কৰিছে। বিজেপিয়ে প্রাক্তন কেন্দ্রীয় মন্ত্ৰী তথা পাতলিপুত্ৰৰ প্ৰাক্তন সাংসদ ৰামপাল যাদৱক পাটনা জিলাৰ ডানাপুৰ সমষ্টিৰ পৰা থিয় কৰোৱাইছে। সীতামঢ়হি প্রাক্তন সাংসদ সুনিল কুমাৰ পিন্টুই বিজেপিৰ টিকটত সীতামঢ়হি সমষ্টিৰ পৰা বিধানসভ...

October 21, 2025 10:57 AM

views 86

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ সামৰণি

বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ কালি অন্ত পৰে। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে প্ৰথম পৰ্যায়ৰ বাবে ১৩৭৫ খন মনোনয়ন বৈধ বিবেচিত হৈছে। ইয়াৰে ১৪৭ গৰাকী মহিলা আৰু ১২৪৭ জন পুৰুষ প্ৰাৰ্থী। ইপিনে, ৰাষ্ট্ৰীয় জনতা দল আৰ জে ডিয়ে কালি দলটোৰ ১৪৩ জন...

October 20, 2025 5:33 PM

views 111

বিহাৰ বিধানসভা নির্বাচনৰ প্রথম পৰ্যায়ৰ বাবে ১৩৭৫ খন মনোনয়ন বৈধ বিবেচিত

বিহাৰ বিধানসভা নির্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। এই পৰ্যায়ত মুঠ ২৪৩ খন আসনৰ ভিতৰত ১২২টা সমষ্টিৰ বাবে ১১ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। এতিয়ালৈ মুঠ ১০৬৬ গৰাকী প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে। আজি প্রথম পৰ্যায়ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। ৰাজ্যখনত অহা ৬ নৱেম্বৰত ১৮ খন জিলাৰ ১২১টা বিধানসভা সমষ্টিত প্রথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ১৪ নৱেম্বৰত ভোটগণনা কৰা হ'ব। ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াই জনোৱা মতে প্রথম পৰ্যায়ৰ বাবে ১৩৭৫ খন মনোনয়ন বৈধ বিবেচিত হৈছে। ইয়...