November 2, 2025 11:20 AM | Bihar Assembly Election

printer

বিহাৰত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে

বিহাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চূড়ান্ত পর্যায়ত উপনীত হৈছে। ৰাজনৈতিক দলসমূহৰ শীর্ষ নেতাসকলে ৰাজ্যখনৰ বিভিন্ন স্থানৰ নিৰ্বাচনী ৰেলী, জনসভা আদিত অংশগ্ৰহণৰ জৰিয়তে ভোটদাতা ৰাইজৰ মন আকৰ্ষণৰ বাবে আপ্রাণ চেষ্টা চলাই আছে।

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দিনজোৰা নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে বিহাৰলৈ যাব। বিয়লি প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰা আৰু নাৱাৰাত দুটাকৈ ৰেলীত অংশগ্ৰহণ কৰিব। আজি সন্ধিয়াৰ ভাগলৈ প্ৰধানমন্ত্ৰীগৰাকী পাটনালৈ উভতি যোৱাৰ কথা আছে।

ইয়াৰ পাছত শ্রী মোদীয়ে পাটনাত ৰাষ্ট্ৰকবি ৰামধাৰী সিং দিনকৰৰ প্ৰতিমূৰ্তিত শ্রদ্ধার্ঘ্য নিবেদন কৰিব আৰু এন ডি এ প্রার্থীৰ সমর্থনত এটা বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰিব। তেওঁ লগতে পাটনা চহৰৰ শ্রী হৰিমন্দিৰ চাহিব গুৰুদ্বাৰালৈ যোৱাৰ কথা আছে। সন্ধিয়া তেওঁ আন এটা ৰোড শ্বোত অংশগ্ৰহণ কৰিব।

বিজেপিৰ জ্যেষ্ঠ নেতা আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মুজাফৰপুৰ আৰু বৈশালীত নির্বাচনী ৰেলীত ভাগ ল’ব। আনহাতে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী বেগুচৰাই আৰু খাগাৰীয়াত দুখনকৈ সভাত অংশগ্ৰহণ কৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। ইপিনে মহা মিত্ৰজোঁটৰ মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থী তেজস্বী যাদবে মুংগেৰ, পাটনা, বৈশালী আৰু চৰণত কেইবাখনো নির্বাচনী সভাত ভাষণ দিব।