বন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সীমা বিবাদৰ গইনা লৈ বন ধবংস আৰু ভূমি দখল কৰা দুর্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বন কর্মী আৰু আৰক্ষী প্ৰশাসনক বনাঞ্চল ধবংসকাৰী অৰুণাচলী দুবৃত্তৰ বিৰুদ্ধে গুলী চলাবলৈও কয়। ইয়াৰ উপৰি বনাঞ্চললৈ অহা-যোৱা কৰিবলৈ বিকল্প পথ নির্মাণ আৰু বনৰক্ষী তথা বেটেলিয়নৰ বাবে উন্নত শিবিৰ স্থাপন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে নির্দেশ দিয়ে।
মন্ত্ৰীগৰাকীয়ে লগতে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী অঞ্চলৰ ব্যৱস্থাৰ বুজ লয় আৰু ভবিষ্যতে এনে ধৰণৰ অনুপ্রবেশ তথা আক্রমণ প্রতিহত কৰাৰ বাবে লোৱা পদক্ষেপৰ পৰ্যালোচনা কৰে। তেওঁ স্থানীয় বনকর্মীসকলৰ সৈতেও মত-বিনিময় কৰে।
ইয়াৰ পূৰ্বে শ্রীবৰুৱাই বিহালীত আইন শৃংখলা আৰু বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত বিহালী বনাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাবে আলোচনা কৰা হয়। বৈঠকত বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, অসম আৰক্ষীৰ মহা-পৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্রধান মুখ্য বন সংৰক্ষক সন্দীপ কুমাৰ, মুখ্য বন সংৰক্ষক এন আনন্দ, শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিহালীৰ বিধায়ক মুনীন্দ্ৰ দাস আৰু বিশ্বনাথৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে।