July 16, 2026 7:48 PM
2
বিহালীৰ অভয়াৰণ্যত সংঘটিত ঘটনা সন্দৰ্ভত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য
বন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই সীমা বিবাদৰ গইনা লৈ বন ধবংস আৰু ভূমি দখল কৰা দুর্বৃত্তৰ বিৰুদ্ধে ততালিকে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। মন্ত্ৰীগৰাকীয়ে আজি বিহালীৰ অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা আৰু ভূমি দখলৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈ এইদৰে নিৰ্দেশ দিয়ে। তেওঁ লগতে বিহালী অভয়াৰণ্যৰ সুৰক্ষাৰ প্ৰয়োজনত বন কর্মী আৰু আৰক্ষী প্ৰশাসনক বনাঞ্চল ধবংসকাৰী অৰুণাচলী দুবৃত্তৰ বিৰুদ্ধে গুলী চলাবলৈও কয়। ইয়াৰ উপৰি বনাঞ্চললৈ অহা-যোৱা কৰিবলৈ বিকল্প পথ নির্মাণ আৰু বনৰক্ষী তথা বেটেলিয়নৰ বাবে উন্নত শিবিৰ স্থাপন কৰিবলৈও ...