বিশ্বৰ অন্যতম শ্রেষ্ঠ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ভাৰতৰ হৈ ৩৮ বছৰীয়া অশ্বিনে ১০৬ খন টেষ্ট খেলি ৫৩৭ টা উইকেট অধিকাৰ কৰিছিল। অনিল কুম্বলেৰ পাছত তেওঁ হৈছে টেষ্ট ক্ৰিকেটত ভাৰতৰ হৈ দ্বিতীয় সর্বাধিক উইকেট দখল কৰোতা। আজি ব্ৰীছবেনৰ গাবাত তৃতীয় টেষ্টৰ সামৰণিত ৰচিন্দ্রন অশ্বিনে তেওঁৰ অৱসৰ গ্ৰহণৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তেওঁৰ গৌৰৱোজ্জ্বল খেলুৱৈ জীৱনত অশ্বিনে ১১ খন টেষ্ট খেলত প্লেয়াৰ অব্ দা মেচ সন্মান অৰ্জন কৰিছিল। অল ৰাউণ্ডাৰ হিচাপেও পৰিচিত অশ্বিনে টেষ্ট ক্ৰিকেটত ছটা চেঞ্চুৰী আৰু ১০ টা হাফ চেঞ্চুৰীসহ মুঠ ৩ হাজাৰ ৫০৩ ৰান সংগ্ৰহ কৰিছিল। ভাৰতৰ হৈ খেলি তেওঁ বেটেৰে দলক বহুকেইবাৰ বিপদৰ পৰা উদ্ধাৰ কৰিছিল৷
Assamese | December 18, 2024 1:31 PM | Cricket | ravichandran ashwin | SPORTS
বিশ্বৰ অন্যতম শ্রেষ্ঠ অফ স্পীনাৰ ৰবিচন্দ্রন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা