July 31, 2026 12:20 PM | PM Modi

printer

বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ইটোৰ পাছত সিটো ব্যৱস্থা গ্ৰহণ কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে বিশ্বাসযোগ্য পৰীক্ষা ব্যৱস্থা গঢ়ি তোলাৰ বাবে ইটোৰ পাছত সিটো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কালি সামাজিক মাধ্যমযোগে দিয়া এটা ভিডিঅ’ বার্তাত কয় যে বিগত কেইবাটাও দশক ধৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ প্ৰশ্নকাকত ফাদিলৰ সমস্যাৰ সন্মুখীন হৈ আহিছে আৰু এই সমস্যাই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতলৈ আশংকা কঢ়িয়াই আনিছে। তেওঁ কয় যে ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত শিক্ষা আৰু পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰিছিল। সংসদে এই সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে কঠোৰ আইনী ব্যৱস্থা থকা লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক, ২০২৬ গৃহীত কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ’ বার্তাটোত প্রকাশ কৰে। তেওঁ কয় যে প্রযুক্তিচালিত স্বচ্ছ পৰীক্ষা ব্যৱস্থা, প্রশ্ন কাকত ফাদিল প্ৰতিৰোধী কঠোৰ আইন আৰু পৰীক্ষা মাফিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি শিক্ষাৰ্থীসকলৰ কঠোৰ পৰিশ্ৰমৰ মূল্য দিয়াৰ লগতে বিকশিত ভাৰতৰ বাবে ভেটি সুদৃঢ় কৰাটো জৰুৰী বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।