শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্র মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতর্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ ১০০ শতাংশ পলিষ্টাৰ সূতাৰ হ’ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কঁপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পর্কে নির্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে।
শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট ১০ শতাংশ ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ’ব। পৰিদৰ্শন কালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগীৰিৰ সৈতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে।
এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা ১০ কোটি টকাৰ ব্যয়ৰ বিবৰণো পৰ্যালোচনা কৰা হয় বুলি ডাঃ পেগুৱে প্ৰকাশ কৰে ৷