বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়ঃ প্রকাশ শ্রীবাস্তৱ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ প্রকাশ শ্রীবাস্তৱে কয়, যে বিশুদ্ধ বায়ু হৈছে আমাৰ মৌলিক আৱশ্যকতা আৰু ই পৰিৱেশৰ বিলাসিতা নহয়।

নতুন দিল্লীত আজি নীলা আকাশ বাবে আয়োজিত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱসৰ কাৰ্যসূচীত সম্বোধন কৰি ন্যায়াধীশ শ্রীবাস্তৱে কয়, যে সুস্থ জীৱন-যাপনৰ বাবে বিশুদ্ধ বায়ুৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

তেওঁ কয়, যে বায়ু প্ৰদূষণলৈ ভয় নকৰাকৈ শিশুসকলে যাতে ঘৰৰ বাহিৰত খেলা-ধূলা কৰিব পাৰে আৰু বয়োজ্যেষ্ঠসকলে পুৱাৰ ভাগত খোজকাঢ়িব পাৰে সেই দিশটো নিশ্চিত কৰা উচিত আজিৰ অনুষ্ঠানত বায়ুৰ গুণাগুণ উন্নত কৰাৰ দিশত প্ৰচেষ্টা বাবে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ৰাজ্য, চহৰ আৰু ৱাৰ্ডক তিনিটা শাখাত স্বচ্ছ বায়ু সর্বেক্ষণ বঁটা প্ৰদান কৰা হয়।