ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে। একেদৰে ৰাজ্যৰ নিৰ্বাচিত ৰাজহ খণ্ডত তিনিটা প্ৰজন্মৰ বা ১৯৫১ চনৰ পূৰ্বে অসমলৈ অহা লোকহে ভূমি ক্রয়-বিক্রয় কৰিব পাৰিব। এই ক্ষেত্ৰত অনুসূচিত জাতি, জনজাতি আৰু ছয় জনগোষ্ঠীক তিনিটা প্ৰজন্মৰ বিধি ৰেহাই দিয়া হ’ব। তদুপৰি অহা ১৪ এপ্ৰিলৰ পৰা প্ৰতিখন চৰকাৰী আইন আৰু অধিসূচনা ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ে অসমীয়া ভাষালৈ ৰূপান্তকৰণৰ কাম সম্পাদন কৰিব।
Assamese | February 19, 2025 2:24 PM | Akashvani News | Assam Govt
বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ ৫২টা পৰামৰ্শৰ ৩৮টা পৰামৰ্শ ৰূপায়ণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ