নগাঁও জিলাৰ বিভিন্ন ব্যক্তিৰ পৰা অধিক মুনাফা দিয়াৰ প্ৰতিশ্ৰুতিৰে বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে কালি দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ এজন লোকক আটক কৰে। ধৃত লোকজনে অনলাইন ট্রেডিঙৰ জৰিয়তে প্রায় ৮০ কোটি টকা আত্মসাৎ কৰি যোৱা দুমাহ ধৰি পলাতক হৈ আছিল। নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে অনিৰ্বাণ দেউৰীক আটক কৰে। আৰক্ষীয়ে যোৱা নিশা দিল্লীৰ পৰা বিমানযোগে গুৱাহাটীলৈ অনাৰ পাছত অনিৰ্বাণ দেউৰীক আজি নগাঁও সদৰ থানাত হাজিৰ কৰোৱা হয়। নগাঁও আৰক্ষীয়ে অনিবাৰ্ণৰ সহযোগী কাশ্যপ ফুকনকো প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
Assamese | August 21, 2025 8:34 PM | Akashvani | Akashvani News | Assam Police
বিত্তীয় প্ৰৱঞ্চনাৰ সৈতে জড়িতৰ অভিযোগত অসম আৰক্ষীয়ে দক্ষিণ দিল্লীত অনিৰ্বাণ দেউৰী নামৰ লোকক আটক