প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছে আৰু ইয়াৰ ফলত কৰ্ম সংস্থাপনহীনতাৰ বিষয়ে অপপ্ৰচাৰ চলোৱাসকলৰ মুখ বন্ধ হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আইত কর্মসংস্থাপন সম্পর্কীয় এখন প্ৰতিবেদনৰ উদ্ধৃতি দি শ্রীমোদীয়ে কয় যে, দেশত দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ আৱশ্যকতা আছে আৰু চৰকাৰে এই দিশত কাম কৰি আছে। মুম্বাইৰ গোৰেগাঁৱত কালি ২৯ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে পথ, ৰে’লৱে আৰু বন্দৰ খণ্ডৰ ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, অপপ্ৰচাৰ চলোৱাসকল প্ৰকৃততে বিনিয়োগ, আন্তঃগাঁথনিৰ উন্নয়ন আৰু দেশৰ বিকাশৰ শত্ৰু। এন ডি এ চৰকাৰে সুস্থিৰতা আৰু বিকাশত অগ্ৰাধিকাৰ দি যাব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ক্ষুদ্ৰ আৰু বৃহৎ বিনিয়োগকাৰীসকলে এন ডি এৰ তৃতীয় কাৰ্যকালক উৎসাহেৰে আদৰণি জনাইছে। তেওঁ কয় যে, গৌৰৱময় ইতিহাসেৰে সমৃদ্ধ মহাৰাষ্ট্ৰৰ ভৱিষ্যত সমৃদ্ধিৰ সপোন সাৰ্থক কৰাৰ সামর্থ্য আছে। শ্রীমোদীয়ে কয় যে, মহাৰাষ্ট্ৰত উদ্যোগ, কৃষি আৰু বিত্ত খণ্ডত যথেষ্ট প্ৰগতি হৈছে আৰু ৰাজ্যখনে ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁ মহাৰাষ্ট্ৰক বিশ্বৰ বৃহৎ বিত্তীয় কেন্দ্ৰ আৰু গোলকীয় বিত্ত প্রযুক্তি ৰাজধানী ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। মুম্বাই আৰু ইয়াৰ চৌপাশৰ এলেকাসমূহত আৰম্ভ কৰা আন্তঃগাঁথনি প্রকল্পসমূহে যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰি তুলিব আৰু মহিলাৰ নিৰাপত্তা সুনিশ্চিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে পালঘৰৰ দহানুত ৱধাৱন বন্দৰত অনুমোদন জনাইছে। ৭৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ জৰিয়তে ১০ লাখ কর্মসংস্থাপন সৃষ্টি হ’ব বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷
Assamese | July 14, 2024 12:15 PM | PM Modi
বিগত ৩-৪ বছৰত ৮ কোটি নতুন কর্ম সংস্থাপন সৃষ্টি হৈছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী