বাৰিষাৰ সময়ছোৱাত সম্ভাব্য বান পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতি সম্বন্ধীয় এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হয়। জিলা আয়ুক্ত কিমনেই চাংছানৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এই বৈঠকত সকলো বিভাগৰ বিষয়ববীয়াসকলে প্ৰস্তুতিৰ লেখ দাঙি ধৰে। আয়ুক্তগৰাকীয়ে স্পৰ্শকাতৰ এলেকাসমূহত সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা আৰু বস্তু মজুত থকাতো নিশ্চিত কৰিবলৈ বিষয়াসকলক নিয়মীয়াকৈ ক্ষেত্রভিত্তিক পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিয়ে। বৈঠকত জনোৱা হয় যে, জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিবপৰাকৈ ১৫টা সাহায্য শিৱিৰ ইতিমধ্যে চিনাক্ত কৰি সাজু কৰি ৰখা হৈছে।
Assamese | June 6, 2026 6:04 PM | Baksa
বাক্সাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰস্তুতি সম্বন্ধীয় গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত