বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই দেশজুৰি প্ৰতিবাদকাৰীয়ে চলাই থকা অসহযোগ আন্দোলনৰ মাজতে আজি দেশখনৰ নিৰাপত্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় সমিতিৰ সৈতে গনভৱনত এখন বৈঠকত মিলিত হয়। বৈঠকত দেশখনৰ মন্ত্ৰী, ৰাজ্যিকমন্ত্রী, প্রধানমন্ত্ৰীৰ নিৰাপত্তা উপদেষ্টা, সচিব, সেনা, নৌ বাহিনী, বায়ুসেনা, সীমান্ত সুৰক্ষা বাহিনী, উপকূলৰক্ষী বাহিনীৰ মুৰববীসকল উপস্থিত থাকে। সংৰক্ষণ সংস্কাৰ আন্দোলনৰ নেতৃত্ব দিয়া বৈষম্য বিৰোধী ছাত্র আন্দোলনৰ প্ৰতিবাদকাৰীসকলে শেহতীয়া হত্যাকাণ্ডৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ আৰু প্ৰধানমন্ত্রী শ্বেইখ হাচিনাৰ পদত্যাগৰ দাবী তুলি দেশজুৰি অহসযোগ আন্দোলন আৰম্ভ কৰে।
Assamese | August 4, 2024 7:47 PM | Bangladesh PM
বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ দেশখনৰ নিৰাপত্তা সম্পৰ্কীয় ৰাষ্ট্ৰীয় সমিতিৰ সৈতে গনভৱনত বৈঠক