বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। তেওঁ কেতবোৰ আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱা পাছত ৰাষ্ট্ৰপতিৰ ওচৰত পদত্যাগ পত্ৰ অৰ্পণ কৰিব। উচ্চতম ন্যায়ালয়ৰ চৌদহত আজি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰত শ্ৰী হাছানে এই কথা প্ৰকাশ কৰে। প্ৰতিবাদত শিক্ষাৰ্থীসকলে আজি পুৱা অবেইদুল হাছান আৰু আপীল ন্যায়ালয়ৰ ন্যায়াধীশসকলক দিনৰ এক বজাৰ ভিতৰত পদত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিয়াৰ পাছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।
Assamese | August 10, 2024 7:19 PM | Bangladesh Chief Justice
বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অবেইদুল হাছানৰ পদত্যাগৰ সিদ্ধান্ত