■ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী সন্দেহত আটক কৰা ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জন লোকক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ কৰিছে। এই লোকসকলক পুনৰ বাংলাদেশলৈ প্ৰেৰণৰ বাবে বি এছ এফে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। যোৱা শনিবাৰৰ পৰা কালিপৰ্যন্ত গোলাঘাটৰ মৰঙী আৰু নুমলীগড়ৰব আৰক্ষীয়ে ৫১ জন সন্দেহজনক লোকক আটক কৰিছে। আটক কৰা লোকসকলৰ অধিকাংশই নুমলীগড় শোধনাগৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰহিংগীয়া নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল।
Assamese | May 27, 2025 11:28 AM | Akashvani | Akashvani Guwahati | Assam Police | Bangladeshi | BSF
বাংলাদেশী সন্দেহত আটকাধীন ২ হাজাৰৰো অধিক লোকৰ ভিতৰত ১৫০ জনক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ অসম আৰক্ষীৰ