কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত প্ৰায় ৬ লাখ মহিলা হিতাধিকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। বস্ত্ৰ উদ্যোগৰ সহযোগত এই আঁচনিখনৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধিৰ লগতে দক্ষতা বিকাশৰ লক্ষ্য লোৱা হৈছে বুলিও শ্রীমাৰ্ঘেৰিটাই প্ৰকাশ কৰে। বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত থকা মুঠ হিতাধিকাৰীসকলৰ মাজৰ ৮৮ শতাংশই মহিলা বুলিও তেওঁ উল্লেখ কৰে। সমাজৰ সকলো স্তৰৰ ব্যক্তিকে মূল সুতিলৈ আনি তেওঁলোকৰ সৱলিকৰণৰ হকে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে।
Assamese | November 29, 2024 6:19 PM | Pabitra magharita
বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছেঃ পবিত্ৰ মাৰ্ঘেৰিটা