September 30, 2026 11:04 AM
6
নির্বাচন আয়োগত কোনো অন্তর্দ্বন্দ্ব নাই বুলি পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য
কংগ্ৰেছে প্ৰচাৰ কৰা ধৰণে নির্বাচন আয়োগত কোনো অন্তর্দ্বন্দ্ব নাই বুলি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্রকাশ কৰিছে। যোৰহাটৰ বিজেপি কাৰ্যালয়ত কালি বিয়লি এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এইদৰে বিষয়ে মন্তব্য কৰে। তেওঁ কয়, যে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছে দেশত ১০০ৰো অধিক নিৰ্বাচনত পৰাজিত হৈছে আৰু দলটোৱে নিৰ্বাচনৰ পাছত প্ৰত্যেকবাৰ পৰাজয়ৰ দোষ ই ভি এম, ন্যায়পালিকা, নির্বাচন আয়োগ আদি গণতান্ত্রিক সংস্থাসমূহলৈ ঠেলি নিজে দোষমুক্ত হ'ব বিচাৰে। তেওঁ কয়, যে বিৰোধীয়ে সকলো সময়তে...