August 24, 2025 6:03 PM

views 68

কোকৰাঝাৰত এড়ী সূতা কল উদ্বোধন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ

● কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি কোকৰাঝাৰ জিলাৰ আদাবাৰীৰ বড়োলেণ্ড ৰেচম উদ্যানত এটা এড়ী সূতা কটা কল উদ্বোধন কৰে। উত্তৰ পূৰ্বাঞ্চল বস্ত্ৰ শিল্প বিকাশ আঁচনিৰ অধীনত এই কলটো স্থাপন কৰা হৈছে। ১৩ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা প্ৰকল্পটোৰ আজিৰ উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, কার্যবাহী সদস্য দাওবৈচা বড়োৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

February 27, 2025 3:17 PM

views 49

৯ দিনীয়া ভ্ৰমণসূচীৰে বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱালৈ যাব

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উৰুগুৱে, বাহামাছ, বাৰবাডোছ আৰু নিকাৰাগুৱাৰ ৯ দিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ৰাওনা হ'ব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু অ’ৰছিৰ শপত গ্রহণ অনুষ্ঠানত ভাৰতক প্রতিনিধিত্ব কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ভ্রমণে উৰুগুৱেৰ সৈতে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰিবলৈ ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাকে সূচাইছে। পৱিত্ৰ মাৰ্ঘেৰিটাৰ বাহামাছ ভ্রমণে যোৱা বছৰ নৱেম্বৰত গুয়ানাত অনুষ্ঠিত দ্বিতীয় ভাৰত- কেৰি...

January 5, 2025 7:22 PM

views 72

আতন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন আঁচনিৰ আধাৰশিলা স্থাপন

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি শিৱসাগৰ জিলাৰ চেৰেকাপাৰত আতন বুঢ়াগোহাঁই মৈদামৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন আঁচনিৰ আধাৰশিলা স্থাপন কৰে। এই আঁচনিৰ অধীনত টাই- আহোম উন্নয়নৰ পৰিষদৰ ৪৫ লাখ টকাৰে মৈদামথলীৰ চৌপাশে পকীবেৰ নিৰ্মাণ কৰাৰ লগতে এই মৈদামৰ উন্নয়ন সাধন কৰা হ'ব বুলি শ্ৰীমাৰ্ঘেৰিটাই জানিবলৈ দিয়ে। তেওঁ লগতে স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত ৰাজমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা বুঢ়াগোহাঁইৰ স্মৃতি সোঁৱৰণ কৰে।

November 29, 2024 6:19 PM

views 62

বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হৈছেঃ পবিত্ৰ মাৰ্ঘেৰিটা

কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বস্ত্ৰ উদ্যোগত মহিলাৰ অংশগ্রহণ উল্লেখনীয়ভাৱে বৃদ্ধি হোৱা বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত এখন সংবাদমেলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থ আঁচনিৰ অধীনত প্ৰায় ৬ লাখ মহিলা হিতাধিকাৰীক প্ৰশিক্ষণ দিয়া হৈছে। বস্ত্ৰ উদ্যোগৰ সহযোগত এই আঁচনিখনৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধিৰ লগতে দক্ষতা বিকাশৰ লক্ষ্য লোৱা হৈছে বুলিও শ্রীমাৰ্ঘেৰিটাই প্ৰকাশ কৰে। বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনত থকা মুঠ হিতাধিকাৰীসকলৰ মাজৰ ৮৮ শতাংশ‍ই মহিলা বুলিও তেওঁ...

September 17, 2024 7:11 PM

views 64

নতুন দিল্লীত বহনক্ষম বস্ত্ৰ সন্মিলনৰ তৃতীয় সংস্কৰণ কেন্দ্ৰীয় বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ দ্বাৰা উদ্বোধন

কেন্দ্ৰীয় বস্ত্ৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত বহনক্ষম বস্ত্র সন্মিলনৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰে। বস্তুক্ষেত্ৰত প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ লগতে ইয়াৰ বহনক্ষমতা বৃদ্ধিৰ সুবিধা প্ৰদানৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰী মাৰ্ঘেৰিটাই কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত বহনক্ষমতা মূল চাবি-কাঠী বুলি উল্লেখ কৰি বস্ত্ৰ উদ্যোগৰ বহনক্ষমতাৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিয়াৰ বাবে ভাৰতৰ লক্ষ্যৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু অংশীদাৰী গোটস...

August 26, 2024 11:34 AM

views 70

দ্বীপ ৰাষ্ট্র কিংডম অব টাংগালৈ ৰাওনা হ’ব বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা

লেটিন আমেৰিকাৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণৰ পিছত বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এইবাৰ কাইলৈ নতুন দিল্লীৰ পৰা পূবৰ দ্বীপ ৰাষ্ট্র কিংডম অব টাংগালৈ ৰাওনা হ'ব। এই ভ্রমণকালত সাংসদগৰাকীয়ে কেইবাখনো দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ উপৰি প্ৰশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনতো ভাষণ দিব। উল্লেখ্য যে, ৫৩ সংখ্যক প্রশান্ত মহাসাগৰীয় দ্বীপ মঞ্চৰ সন্মিলনত প্ৰথমবাৰৰ বাবে ভাৰতৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ২৯ আগষ্টলৈকে দেশখনত বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিবলগীয়া কেন্দ্ৰীয় মন্ত্ৰীগ...

August 22, 2024 8:08 PM

views 63

ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পবিত্ৰ মাৰ্ঘেৰিটা পানামা গণ্যৰাজ্যত উপস্থিত

বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ডমিনিক গণ্যৰাজ্য, গুৱাটেমালা আৰু ছালভাডৰ ভ্ৰমণৰ পাছত পানামা গণ্যৰাজ্যত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ আটাইকেইখন দেশৰ ৰাষ্ট্রপ্রধান সকলক সাক্ষাৎ কৰাৰ লগতে দেশ কেইখনৰ কেইবাগৰাকী মন্ত্ৰীৰ সৈতে এলানী বৈঠকত মিলিত হয়। পানামাৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত শ্ৰী মাৰ্ঘেৰিটাই ভাৰতৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ে আলোচনা কৰে বুলি প্ৰকাশ কৰে। এই আলোচনাকালত ভৱিষ্যতে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ উন্মেষ হৈছে বুলিও জানিবলৈ দিয়ে। দেশখনত তে...