বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড মাৰ্কছ জুনিয়ৰক সাক্ষাৎ কৰে আৰু ফিলিপাইনছৰ অধ্যক্ষতাত হ’বলগীয়া আছিয়ান অধিৱেশনৰ প্ৰতি ভাৰতে সমৰ্থন আগবঢ়াব বুলি জানিবলৈ দিয়ে।
তেওঁ কয়, যে ২০২৫ৰ পৰা ২০২৯ চনৰ ভিতৰত ৰূপায়ণ কৰিবলগীয়া ভাৰত আৰু ফিলিপাইনছৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰে গঢ় দিয়া পৰিকল্পনাসমূহ বহুলভাৱে আগবঢ়াই নিয়াত এই সহযোগিতাই যথেষ্ট সহায় কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে নেডাৰলেণ্ডছৰ বৈদেশিক সচিব টম বেৰেণ্ডচেনক লগ ধৰি মেনিলাত অনুষ্ঠিত হ’বলগীয়া পূব এছীয় সন্মিলনৰ বিষয়ে আলোচনা কৰে।
সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে ড০ জয়শংকৰে কয়, যে ভাৰত আৰু নেডাৰলেণ্ডছৰ কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ছেমি কণ্ডাক্টৰ, পানীৰ উৎস, সেউজ হাইড্ৰ’জেন, স্বাস্থ্য আৰু সংস্কৃতিকে ধৰি বিভিন্ন দিশত একেলগে কাম কৰাৰ দুৱাৰ মুকলি কৰিব পৰা যাব। ড০ জয়শংকৰে নতুনকৈ ৰাষ্ট্ৰসংঘৰ বৈদেশিক সচিবৰ দায়িত্ব গ্রহণ কৰা এড মিলিবেণ্ডক লগ ধৰি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে।
দুয়োগৰাকীয়ে সম্প্ৰতি ভাৰত আৰু ব্ৰিটেইনৰ মাজত কৌশলগতভাৱে গঢ় লৈ উঠা মুক্ত বাণিজ্য নীতিৰ ৰূপায়ণৰ গতি তীব্ৰতৰ কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লগতে বৈদেশিক মন্ত্ৰীগৰাকীয়ে অমানৰ বৈদেশিক মন্ত্রী চৈয়িদ বদ্র বীন হামাদ আল বুছেইদিক লগ ধৰি উপ-সাগৰীয় অঞ্চলৰ দেশসমূহৰ বিকাশ সন্দৰ্ভত মত-বিনিময় কৰে ।