নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল নতুন দিল্লীত হ’বলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্রহণ অনুষ্ঠানত উপস্থিত থাকিব। সিং দৰবাৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে নেপাল চৰকাৰৰ মুখপাত্র তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰেখা শর্মাই এই কথা প্রকাশ কৰে। টেলিফোন যোগে হোৱা কথোপকথনত নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে শ্ৰীমোদীক লোকসভা নিৰ্বাচনত এন ডি এৰ জয়লাভৰ বাবে শুভেচ্ছা জনায়। শ্রীদাহালে ভাৰত-নেপালৰ মাজৰ সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ বাবে নতুনকৈ গঠন হ’বলগীয়া চৰকাৰখনৰ সৈতে বন্ধুত্ব সুলভ আৰু সহযোগিতাৰ মানসিকতাৰে কাম কৰি যাবলৈ প্ৰস্তুত আছে বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও নেপালৰ প্রধানমন্ত্ৰীৰ সৈতে কথাপাতি যথেষ্ট আনন্দিত বুলি উল্লেখ কৰে।
Assamese | June 7, 2024 11:26 AM | Nepal PM in Oath
প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকিব নেপালৰ প্ৰধানমন্ত্রী পুষ্প কমল দাহাল