October 7, 2026 12:24 PM | PM Modi

printer

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামিলিনৰ দ্বিতীয় ভাৰত ই এফ টি এ অগ্রগতি সন্মিলনত অংশগ্ৰহণ

ভাৰত-ইউৰোপীয় মুক্ত বানিজ্য সংঘ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰথম বর্ষপূর্তি উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পামেলিনে আজি ভাৰত মণ্ডপমত দ্বিতীয় ভাৰত-ইএফটিএ অগ্রগতি সন্মিলনত অংশ ল’ব। এই সন্মিলনত ভাৰত আৰু ই এফ টি এ ৰ সদস্য ৰাষ্ট্ৰ- ছুইজাৰলেণ্ড, নৰৱে, আইচলেণ্ড আৰু লাইচেননষ্টেইনৰ শীৰ্ষ চৰকাৰী বিষয়া, উদ্যোগ নেতা আৰু মূল অংশীদাৰসকলক একত্ৰিত কৰি অৰ্থনৈতিক সহযোগিতা অধিক শক্তিশালী কৰা, ব্যৱসায়িক অংশীদাৰিত্ব গঢ়ি তোলা আৰু বাণিজ্য, বিনিয়োগ, প্রযুক্তি সহযোগিতা তথা উদ্ভাৱনৰ ক্ষেত্ৰত নতুন সুযোগ মুকলিত গুৰুত্ব আৰোপ কৰা হ’ব। “১০ হাজাৰ কোটি মার্কিন ডলাৰৰ বিনিয়োগ অংশীদাৰিত্ব গঢ়ি তোলা আৰু ভাৰতত ১০ লাখ নিয়োগ সৃষ্টি কৰা” শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা এই সন্মিলনত বাণিজ্য আৰু অর্থনৈতিক অংশীদাৰিত্ব চুক্তি, টেপাৰ অগ্ৰগতি পর্যালোচনা কৰা, নতুন বিনিয়োগ ঘোষণা কৰা, উদ্যোগ-চৰকাৰৰ সহযোগিতা শক্তিশালী কৰা, আৰু মূল খণ্ডসমূহত সুযোগৰ অন্বেষণ কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। উল্লেখযোগ্য যে ২০২৫ চনৰ ১ অক্টোবৰৰ পৰা বলবৎ হোৱা ভাৰত-ইএফটিএ বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি তিনিদিনীয়া ভ্ৰমনসূচীৰে ৰাষ্ট্ৰপতি পামেলিন ভাৰতলৈ আহিছে৷ ইয়াৰ পূৰ্বে যোৱা সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ হায়দৰাবাদ হাউছত চুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পার্মেলিনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পৰিবহণ প্রযুক্তি, গতিশীলতা ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ প্ৰচাৰ আৰু সহযোগিতাৰ ক্ষেত্ৰত কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে। প্রধানমন্ত্রী মোদীয়ে এখন যুটীয়া সংবাদমেলত ভাৰত- ছুইজাৰলেণ্ডৰ সম্পৰ্কৰ প্ৰতি ৰাষ্ট্ৰপতি পামেলিনৰ দায়বদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে ভাৰতে যোৱা অক্টোবৰত ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা, ই এফ টি এৰ দেশসমূহৰ সৈতে ঐতিহাসিক বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণ কৰিছিল। সংবাদমেলত ৰাষ্ট্ৰপতি পামেলিনে কয় যে ভাৰত-ছুইজাৰলেণ্ডৰ সম্পৰ্ক গণতান্ত্রিক মূল্যবোধৰ লগতে বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ ঘনিষ্ঠ, ব্যাপক আৰু দীৰ্ঘদিনীয়া অংশীদাৰিত্বক অধিক দৃঢ়, গভীৰ আৰু শক্তিশালী কৰাৰ দিশত তেওঁৰ এই ভ্রমণ অতি গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰপতিগৰাকীয়ে টেপাৰ ৰূপায়ণৰ প্ৰথম বৰ্ষপূৰ্তিৰ তাৎপর্যত আলোকপাত কৰি এয়া ভৱিষ্যতৰ সহযোগিতাৰ লগতে দুয়োপক্ষই এই ক্ষেত্ৰত কৰা অগ্ৰগতিৰ মূল্যায়নৰ এটা মূহুত্ব বুলি উল্লেখ কৰে ৷