প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম প্ৰক্ৰিয়া আজি আৰম্ভ হ’ব। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি সংস্কৃতি আৰু পৰ্যটন মন্ত্রী গজেন্দ্র সিং শ্বেখাৱাটে কালি কয় যে ভাৰতৰ বৈচিত্যময় সংস্কৃতি, বিশ্বাস আৰু পৰম্পৰাগত কাৰুশিল্পক প্রতিনিধিত্ব কৰা চিত্রকলা, বস্ত্র, মূৰ্তি, প্রাচীন আৰু হস্তনির্মিত শিল্পকৰ্মকে ধৰি এই বছৰ নিলামৰ বাবে প্ৰায় এহেজাৰ ৫০০ বিধ সামগ্ৰী ৰখা হৈছে। শ্ৰীশ্বেখাৱাটে কয় যে ই-নিলামৰ পূৰ্বৰ ৭টা সংস্কৰণত মুঠ ৭ হাজাৰ ৪৪০ বিধ সামগ্ৰী নিলাম কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ২২ কোটি টকা সংগ্ৰহ কৰা হৈছিল। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ধনৰাশি গংগা নদীৰ নিৰন্তৰ প্ৰবাহ আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে নমামি গংগে অভিযানৰ নামত উচৰ্গা কৰিছিল।
Assamese | September 17, 2026 12:42 PM | PM Modi
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা স্মাৰক আৰু উপহাৰৰ ই-নিলাম প্ৰক্ৰিয়া আজি আৰম্ভ