July 4, 2026 1:48 PM | PM Abasha yojona

printer

প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ পুঁজি মুকলিৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰত দ্বিতীয়

অসমে প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ পুঁজি মুকলিৰ ক্ষেত্ৰত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয় যে, যোৱা ১০ বছৰত ৰাজ্যৰ ২৭ হাজাৰ ৭০০ কোটি টকাৰ বিনিয়োগেৰে লাখ লাখ পৰিয়ালৰ ঘৰৰ সপোন বাস্তৱত পৰিণত হৈছে। প্রধানমন্ত্ৰী আৱাস যোজনা গ্রামীনৰ অধীনৰ ৰাজ্যৰ ২২ লাখৰো অধিক পৰিয়াল উপকৃত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই সাফল্যৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীৰ শলাগ লৈ ড০ শৰ্মাই ৰাজ্যৰ গ্ৰামাঞ্চলৰ গৃহ নিৰ্মাণ খণ্ডৰ বিকাশ আৰু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত আঁচনিখনৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰে।