কেন্দ্রীয় মন্ত্রীসভাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাই প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনি ২০২৬-২৭ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ কাৰ্যকৰী হৈ থাকিব বুলি উল্লেখ কৰিছে।
এই ৫ বছৰৰ বাবে আঁচনিখন কাৰ্যকৰী কৰাৰ উদ্দেশ্যে মুঠ ৩ লাখ ১৫ হাজাৰ কোটি টকা ধাৰ্য কৰিছে। সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সমৃদ্ধিয়ে যে দেশৰ সমৃদ্ধিৰ মূল ভেটি এই কথাটোক শীৰ্ষ অগ্ৰাধিকাৰ দি আহিছে।
তেওঁ কয় যে পি এম কিষাণ আঁচনিৰ জৰিয়তে উপযুক্ত কৃষকৰ পৰিয়াললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে সময়ে সময়ে স্বচ্ছ পদ্ধতিৰে সাহায্য আগবঢ়াই অহা হৈছে। তেওঁ কয় যে এতিয়ালৈ ২৩ টা কিস্তিত ৪ লাখ ৪৭ হাজাৰ কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে।