July 31, 2026 10:26 PM
13
প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনি ২০২৬-২৭ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ কাৰ্যকৰী হৈ থাকিব বুলি কেন্দ্রীয় মন্ত্রীসভাত উল্লেখ
কেন্দ্রীয় মন্ত্রীসভাই আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাই প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনি ২০২৬-২৭ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ কাৰ্যকৰী হৈ থাকিব বুলি উল্লেখ কৰিছে। এই ৫ বছৰৰ বাবে আঁচনিখন কাৰ্যকৰী কৰাৰ উদ্দেশ্যে মুঠ ৩ লাখ ১৫ হাজাৰ কোটি টকা ধাৰ্য কৰিছে। সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে কেন্দ্ৰীয় চৰকাৰে কৃষকসকলৰ সমৃদ্ধিয়ে যে দেশৰ সমৃদ্ধিৰ মূল ভেটি এই কথাটোক শীৰ্ষ অগ্ৰাধিকাৰ দি আহিছে। তেওঁ কয় যে পি এম কিষাণ আঁচনিৰ জৰিয়...