মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অন্তৰ্গত ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীলৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আজি উদ্বোধন কৰে। কামৰূপ জিলাৰ বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত হিতাধিকাৰীসকলৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। মুখ্যমন্ত্রীয়ে কয়, যে এই আঁচনিৰ অধীনত চৰকাৰে বহুসংখ্যক নতুন হিতাধিকাৰীকো অন্তৰ্ভুক্ত কৰিব। পূৰ্বৰ চৰকাৰৰ অতি কম পৰিমাণৰ ধনৰ তুলনাত বৰ্তমানৰ চৰকাৰে এই আঁচনিৰ ঘৰ নিৰ্মাণৰ বাবে হিতাধিকাৰীসকলক ডেৰ লাখকৈ টকা দিয়াটো অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে। বৰ্তমানৰ চৰকাৰে দৰিদ্ৰ, মধ্যবিত্ত আদি শ্ৰেণীৰ লোকৰ কাৰণে কাম কৰি অহা বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে। সম্প্ৰতি যোগ্য সকলেহে চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত হোৱাৰ সুযোগ পাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে পূৰ্বৰ চৰকাৰৰ দিনত কেৱল নেতা-পালিনেতাৰ আত্মীয়-স্বজনসকলেহে এই সুবিধা লাভ কৰিছিল। প্রধানমন্ত্রী আবাস যোজনা গ্রামীনৰ অধীনত বজালী জিলাৰ হিতাধিকাৰীসকলৰ মাজতো এই গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। বজালী সমষ্টিৰ মুঠ এহেজাৰ ৭০ গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত চেক পাবলৈ সমৰ্থ হয়। ধুবুৰী, ওদালগুৰি, তামুলপুৰ, মঙলদৈ, মানকাচৰ, নলবাৰী, কোকৰাঝাৰ আদিতো প্রধানমন্ত্ৰী আবাস যোজনাৰ অধীনত গৃহ অনুমোদন পত্র প্রদান অনুষ্ঠান সম্পন্ন হয়।
Assamese | December 9, 2025 7:19 PM | cm pmay
পি এম আৱাস যোজনা গ্রামীণৰ অন্তৰ্গত ৰাজ্যত গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ