নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছে। গুজৰাটৰ মেহচানা জিলাৰ গজাৰিয়াত কে কে পেটেল আৰু মধুবেন কে পেটেল নাৰ্ছিং কলেজৰ নৱ নির্মিত ভৱন মুকলি কৰি গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এই কথা প্ৰকাশ কৰে। এই মহাবিদ্যালয়ৰ জৰিয়তে সমীপৰ দৰিদ্ৰ ৰোগীসকল উপকৃত হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। দেশৰ ৬০ কোটি নাগৰিক আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে উপকৃত হোৱা বুলি উল্লেখ কৰি তেওঁ কয়, যে বিগত দশকত সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ সংখ্যা ৭ৰ পৰা ২৩ খনলৈ বৃদ্ধি হৈছে। দুদিনীয়া কাৰ্য্যসূচীৰে গুজৰাট ভ্ৰমণ কৰা শ্ৰীশ্বাহে আহমেদাবাদ আৰু মেহচানাত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
Assamese | May 18, 2025 8:06 PM | Amit Shah
নৰেন্দ্ৰ মোদী চৰকাৰে বিগত দশকত বিভিন্ন আঁচনিৰ জৰিয়তে স্বাস্থ্য খণ্ডত অতুলনীয় প্রগতি সাধন কৰিছেঃ গৃহ মন্ত্ৰী অমিত শ্বাহ