September 11, 2026 8:40 PM | PM Modi

printer

নৰেন্দ্ৰ মোদী আৰু ভ্লাদিমীৰ পুটিন আজি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত পর্যালোচনা বৈঠকত মিলিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাচিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনে আজি ৰাজনৈতিক, অর্থনৈতিক, প্ৰতিৰক্ষা শক্তি, মহাকাশ, দক্ষতা বিকাশ, আদি বিভিন্ন ক্ষেত্ৰত থকা দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ সন্দৰ্ভত পর্যালোচনা বৈঠকত মিলিত হয়। নতুন দিল্লীত অনুষ্ঠিত দ্বিপাক্ষিক আলোচনাত নেতা দুগৰাকীয়ে পশ্চিম এছিয়াৰ সংঘাত, ব্লেক চিৰ আদি বিভিন্ন আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে দোহাৰে যে আলোচনা আৰু কূটনৈতিক সম্পৰ্কৰ জৰিয়তে সংঘাত পুনৰ সমাধান কৰিব পৰা যায়। শান্তি প্ৰক্ৰিয়া স্থাপনৰ এই প্ৰচেষ্টাত ভাৰত সদায় সাজু বুলি উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বক্তব্যত কৈছে যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ঔদ্যোগিক প্ৰদৰ্শনী ইন্নোপ্ৰম ভাৰতক আদৰণি জনায়। ভাৰতক প্ৰথমবাৰৰ বাবে যোৱা ৯ ছেপ্তেম্বৰৰ পৰা এই প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। ৰাষ্ট্ৰপতি পুটিনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২৪ সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলত ভাগ লোৱাৰ বাবে ৰাছিয়ালৈ আমন্ত্ৰণ জনায়। প্রধানমন্ত্রী মোদীয়ে পুটিনৰ এই আমন্ত্রণ গ্রহণ কৰে। শ্ৰীমোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনক এখন তামিল কবিতা পুথি থিৰুক্কুৰালৰ ৰাছিয়ালৈ কৰা অনুবাদিত সংস্কৰণৰ প্ৰতিলিপি উপহাৰ দিয়ে।