■ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে কালি বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। গ্ৰেপ্তাৰৰ ৫৮ দিনৰ পাছত তদাৰকী কোষে নিলম্বিত বিষয়াগৰাকীৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। অভিযোগনামা তদাৰকী কোষে সন্নিবিষ্ট কৰা তথ্য অনুসৰি নিজৰ বৈধ আয়ৰ উৎসৰ তুলনাত অভিযুক্ত বৰাই ৪৫৮.৬৪ শতাংশ অধিক সম্পত্তি অৰ্জন কৰিছিল। উল্লেখযোগ্য যে কালি বিশেষ ন্যায়াধীশৰ আদালতে অভিযুক্ত বিষয়াগৰাকীৰ জামিন মঞ্জুৰ কৰিছিল।
Assamese | November 13, 2025 12:33 PM | ACS Nupur Bora | Akashvani | Akashvani Guwahati | Nupur Bora
নিলম্বিত চক্ৰ বিষয়া নুপুৰ বৰাৰ বিৰুদ্ধে ১,২৫৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল