ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এটা অনুষ্ঠানত শতাধিক শিল্পীক ২০২৪ আৰু ২০২৫ বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা আৰু ফেলোশ্বিপ প্রদান কৰে। বঁটা প্রাপকসকলৰ ভিতৰত ৰাজ্যৰ পাঁচগৰাকী বিশিষ্ট শিল্পী আছে। শিল্পী প্রেম ওজা বৰবায়ন আৰু কথক শিল্পী বিপুল চন্দ্র দাসে ২০২৪ বৰ্ষৰ বাবে একাডেমী বঁটা লাভ কৰিছে। একেদৰে ২০২৫ বৰ্ষৰ বাবে সত্ৰীয়া শিল্পী মল্লিকা কন্দলী, সত্রীয়া সংগীত তথা নৃত্যশিল্পী ভাস্কৰজ্যোতি ওজা আৰু অভিনয়ৰ ক্ষেত্ৰত চেতনা দাসে একাডেমী বঁটা লাভ কৰিছে।
সত্ৰীয়া নৃত্যৰ বাবে মীনাক্ষি মেধি, নাট্য পৰিচালনাৰ বাবে বিদ্যুৎ কুমাৰ নাথ আৰু লোকসংগীত শিল্পী দিলীপ হীৰালৈ ২০২৪ বৰ্ষৰ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে। ২০২৫ বৰ্ষৰ বাবে খোলবাদক দেৱজিৎ শইকীয়া, সত্ৰীয়া নৃত্যৰ শিল্পী নিৰঞ্জন শইকীয়া বৰবায়ন আৰু টোকাৰী গীতৰ শিল্পী হীৰকজ্যোতি শৰ্মালৈ ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ আগবঢ়োৱা হৈছে।
এইবেলি দেশৰ মুঠ ৭ গৰাকী বিশিষ্ট ব্যক্তিক সংগীত নাটক একাডেমী ফেল’শ্বিপ ‘একাডেমী বঙ্গ’ প্রদান কৰা হৈছে।
সংগীত নাটক একাডেমীয়ে ২০২৪ আৰু ২০২৫ বৰ্ষৰ বাবে সংগীত, নৃত্য, নাটক, লোককলা, জনজাতীয় কলা আৰু পুতলা নাচৰ লগতে পৰিৱেশ্য কলাৰ বিভিন্ন শিতানত সামগ্রিক অবদান আৰু গৱেষণাৰ বাবে ১০৮ গৰাকী শিল্পীক সংগীত নাটক একাডেমী বঁটা প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্রীমতী মুর্মুৱে কয় যে বঁটা লাভকৰাসকলে আধুনিক ভাৰতৰ প্ৰতিভা আৰু সমর্পনক প্রতিফলিত কৰিছে। দেশৰ বৰ্ণাঢ্য লোকসংস্কৃতি সংৰক্ষণৰ ক্ষেত্রত এই শিল্পীসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে।