প্ৰতিৰক্ষা ৰাজনাথ সিঙে কয়, যে চৰকাৰে প্ৰতিৰক্ষা বাজেটৰ ৭৫ শতাংশ ঘৰুৱা কোম্পানীসমূহৰ পৰা ক্ৰয় কৰিবলৈ সংৰক্ষিত কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা সন্মিলনত ভাষণ দি শ্রীসিঙে কয়, যে দেশত প্ৰতিৰক্ষা উৎপাদন ২০১৪ চনৰ ৪০ হাজাৰ কোটি টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ১ লাখ ২৭ হাজাৰ কোটি টকাৰো অধিক হৈছে। তেওঁ কয়, যে ২০২৯ চনলৈ ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰতিৰক্ষা খণ্ডৰ নৱীকৰণ আৰু সুদৃঢ়কৰণ চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ। শ্ৰীসিঙে গুৰুত্ব আৰোপ কৰি কয়, যে ভাৰতে আমদানিৰ ওপৰত আত্মনিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ এক প্ৰতিৰক্ষা ঔদ্যোগিক পৰিসৰ নিৰ্মাণ কৰিব যিয়ে ভাৰতৰ প্ৰয়োজনীয় পূৰণ কৰাৰ লগতে প্ৰতিৰক্ষা ৰপ্তানিৰ সম্ভাৱনাও শক্তিশালী কৰিব। প্ৰতিৰক্ষা ৰপ্তানি ২০১৩-১৪ বৰ্ষৰ ৬৮৬ কোটি টকাৰ পৰা ২০২৪-২৫ বৰ্ষত ২৩ হাজাৰ কোটি টকাতকৈও অধিক হোৱা বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Assamese | April 17, 2025 8:12 PM | Rajnath Singh
নতুন দিল্লীত হোৱা প্ৰতিৰক্ষা সন্মিলনত মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ