কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে সংসদত আজি গৃহীত হোৱা খনি আৰু খনিজ পদার্থ (উন্নয়ন আৰু নিয়ন্ত্রণ) বিধেয়কখনে ৰাজ্যৰ অধিকাৰ সমূহৰ লগতে বৰ্তমানৰ ৰাজহ ব্যৱস্থাৰ গাঠনিৰ ওপৰত কোনো প্রভাব নেপেলায় বুলি মন্তব্য কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত শ্রী ৰেড্ডীয়ে কয়, যে এই বিধেয়কখনে প্রধান খনিজ পদার্থসমূহৰ উৎপাদন বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰিব। তেওঁ কয়, যে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ খনিৰ ক্ষেত্ৰখনত বিনিয়োগ আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ ওপৰত কাম কৰাৰ চেষ্টা কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্যৰ বৰ্তমানৰ ৰাজহৰ অংশ পূৰ্বৰ ৬৫ শতাংশৰ পৰা বর্তমান ৮৫ শতাংশলৈ বৃদ্ধি হৈছে। শ্রী ৰেড্ডীয়ে লগতে কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ সুস্থ নেতৃত্বৰ বাবে ৰাজ্যসমূহৰ খনিজ সামগ্ৰীৰ ৰাজহৰ পৰিমাণ বৰ্তমান ২৩ শতাংশলৈ বৃদ্ধি পাইছে। চৰকাৰে খনিজ পদার্থ উৎপাদন, নিয়োগ বৃদ্ধি, ৰাজ্যসমূহক বিত্তীয়ভাবে শক্তিশালী কৰা আৰু কয়লা তথা খনিজ পদাৰ্থৰ আমদানিৰ বাবে আন দেশৰ ওপৰত যাতে নিৰ্ভৰশীল হ’বলগা নহয় তাৰ ওপৰত গুৰুত্ব প্রদান কৰি কাম কৰি আহিছে বুলিও ৰেড্ডীয়ে মন্তব্য কৰে।
Assamese | August 13, 2026 9:13 PM | G Kishan Reddy Press meet
নতুন দিল্লীত কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীৰ সংবাদমেল