দৰং জিলাৰ ছিপাঝাৰ ভুক্তাবাৰী শীতলাবাৰী গাঁও নিবাসী মুক্তিযুঁজাৰু হৰেন্দ্ৰনাথ চহৰীয়াৰ জন্মশতবার্ষিকী উপলক্ষে আজি ৰাজহুৱাভাৱে স্মৃতিচাৰণ কৰা হয়। এই উপলক্ষে দৰং জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত প্ৰয়াত চহৰীয়াৰ পৰিয়ালৰ সহযোগত শীতলাবাৰীত এখন সভা অনুষ্ঠিত হয়। এই সভাত ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ৰামচন্দ্ৰ ডেকাই মুক্তিযুঁজাৰুগৰাকীৰ জীৱন সম্পৰ্কে আলোকপাত কৰে। অনুষ্ঠানত সভাপতিত্ব কৰে মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্য বিচিত্র মেধিয়ে। অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | April 20, 2025 8:16 PM | Darrang District
দৰং জিলাৰ ছিপাঝাৰত মুক্তিযুঁজাৰু হৰেন্দ্ৰনাথ চহৰীয়াৰ জন্মশতবার্ষিকী উপলক্ষে স্মৃতিচাৰণ