দেশৰ আন অংশৰ লগতে অসমতো আজিৰে পৰা ১ নৱেম্বৰলৈ তদাৰকী সজাগতা সপ্তাহ পালন কৰিবলৈ লোৱা হৈছে। স্বচ্ছ, নিকা, দায়বদ্ধ দুনীর্তিমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে প্ৰতিবছৰে এই সপ্তাহ পালন কৰা হয়।
এইবাৰ এই সপ্তাহৰ মূল বিষয়বস্তু হৈছে সততাৰ জৰিয়তে সমৃদ্ধি। এই সপ্তাহৰ অংশ হিচাপে মন্ত্ৰালয়, বিভাগ, ৰাজহুৱা প্ৰতিষ্ঠান, বেংক আৰু আন সংস্থাৰ কৰ্মচাৰী সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে শপতবাক্য পাঠ কৰোৱা হ’ব।
মৰিগাঁও জিলাত আজিৰে পৰা আৰম্ভ হোৱা খেত বচাও অভিযানৰ অংশ হিচাপে বিশেষ সজাগতা কার্যসূচী অনুষ্ঠিত হয়। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত এই কার্যসূচী উপলক্ষে কৃষকসকলক ৰাসায়নিক সাৰৰ অপপ্ৰয়োগৰ ফলত কৃষিভূমিত বিৰূপ প্ৰভাৱ পৰা সন্দৰ্ভত সজাগতা সৃষ্টি কৰে।
অনুষ্ঠানত মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰাখিবলৈ জৈৱিক সাৰৰ ব্যৱহাৰ আৰু সাৰৰ সুষম প্রয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগতে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত কৃষকক ভূমি স্বাস্থ্য প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানত জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে