January 24, 2025 4:35 PM | girl child day | India

printer

দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন

সমগ্ৰ দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছে। সমাজত কন্যা শিশুসকলৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰি অহা হৈছে। এই দিৱস উদযাপনে প্ৰতিগৰাকী কন্যা শিশুক মর্যাদা প্রদান কৰাৰ লগতে বিকাশ, শিক্ষা আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সমানে সুযোগ লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজনৰ কথা সোঁৱৰাই আহিছে। এনে প্রয়োজনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত বেটি বচাও, বেটি পঢ়াও আঁচনি আৰম্ভ কৰিছিল। কন্যা শিশুসকলৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা ত্বৰান্বিত কৰাৰ লগতে কন্যা ভ্রুণ হত্যা, বাল্য বিবাহ আৰু লিংগ বৈষম্যৰ লেখীয়া জটিল সমস্যাসমূহৰ সমাধানৰ লক্ষ্যৰে এই আঁচনি গ্ৰহণ কৰা হৈছিল।
চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ মূল মন্ত্ৰ হ’ল কন্যাসকলক উজ্বল ভৱিষ্যতৰ বাবে সৱল কৰি তোলা। ইয়াৰ জৰিয়তে কন্যাসকলক তেওঁলোকৰ ভৱিষ্যৎ গঢ় দিয়াৰ লগতে সমাজত স্বীকৃতি লাভ কৰিব পৰাকৈ উপযুক্ত তথা সমান সুযোগ প্ৰদান কৰিবলৈ বিচৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ উদ্যোগত ২০০৮ চনত দেশত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হৈছিল।