January 24, 2025 4:35 PM

views 65

দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন

সমগ্ৰ দেশজুৰি আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস পালন কৰা হৈছে। সমাজত কন্যা শিশুসকলৰ অধিকাৰ, শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰি অহা হৈছে। এই দিৱস উদযাপনে প্ৰতিগৰাকী কন্যা শিশুক মর্যাদা প্রদান কৰাৰ লগতে বিকাশ, শিক্ষা আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সমানে সুযোগ লাভ কৰাটো নিশ্চিত কৰাৰ প্ৰয়োজনৰ কথা সোঁৱৰাই আহিছে। এনে প্রয়োজনৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনৰ ২২ জানুৱাৰীত বেটি বচাও, বেটি পঢ়াও আঁচনি আৰম্ভ ক...

January 24, 2025 2:10 PM

views 87

আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। প্রতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰা হয়। কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০০৮ চনৰে পৰা এই দিৱস পালন কৰি অহা হৈছে। এই উপলক্ষে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা বার্তাযোগে কয়, যে চৰকাৰ কন্যা সকলক উজ্জ্বল ভৱিষ্যত প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ বদ্ধপৰিকৰ। ৰাজ্যত বিভিন্ন পদক্ষেপৰ মাজেৰে কন্যা শিশুসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। সদৌ অসম মটক ছাত্র সন্থাৰ ২৮ সংখ্যক কেন্দ্রীয় প...