আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। প্রতি বছৰে ২৪ জানুৱাৰীত এই দিৱস পালন কৰা হয়। কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ উদ্যোগত ২০০৮ চনৰে পৰা এই দিৱস পালন কৰি অহা হৈছে। এই উপলক্ষে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এটা বার্তাযোগে কয়, যে চৰকাৰ কন্যা সকলক উজ্জ্বল ভৱিষ্যত প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ বদ্ধপৰিকৰ। ৰাজ্যত বিভিন্ন পদক্ষেপৰ মাজেৰে কন্যা শিশুসকলৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। সদৌ অসম মটক ছাত্র সন্থাৰ ২৮ সংখ্যক কেন্দ্রীয় প্রতিষ্ঠা দিৱস কালি দিনজোৰা কাৰ্যসূচীৰে পানীতোলাত অনুষ্ঠিত হয়। প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত আগবঢ়োৱা বেংমৰা সমন্বয় বঁটা সদৌ অসম ছাত্র সন্থাৰ একালৰ সভাপতি তথা অগপৰ বৰ্তমানৰ সভাপতি, মন্ত্রী অতুল বৰাক প্ৰদান কৰা হয়। এই অনুষ্ঠানতে একুৰিৰো অধিক বিশিষ্ট ব্যক্তিক সমাজৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অৰিহনাৰ বাবে সম্বৰ্দ্ধনা জনোৱা হয়। প্রতিষ্ঠা দিৱস উপলক্ষে প্রকাশ কৰি উলিওৱা স্মৃতিগ্রন্থখন তিনিচুকীয়া জিলাৰ সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াই উন্মোচন কৰে।
Assamese | January 24, 2025 2:10 PM | girl child day
আজি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস