তিনিচুকীয়া জিলাৰ দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডে প্রজেক্ট স্বাৱলম্বন শীৰ্ষক অভিলাষী প্রকল্পৰ জৰিয়তে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীৰ কৰ্মসংস্থাপন নিশ্চিত কৰিছে। বিশেষকৈ প্ৰতিষ্ঠানটোৰ এই সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে যোগ্য প্রার্থীসকলক পৰ্যটন আৰু আতিথ্য খণ্ডত প্ৰশিক্ষণ প্ৰদান কৰি ১০০ শতাংশই নিশ্চিত কর্ম সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৰ সূত্ৰই প্ৰকাশ কৰিছে। প্ৰকল্পৰ জৰিয়তে প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ সময়ছোৱাত কম্পিউটাৰ শিক্ষা, আকর্ষণীয় ব্যক্তিত্ব গঠন তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যোগাযোগ আৰু ভাব বিনিময়ত সুচল হোৱাকৈ কথন শৈলীৰ বিকাশত গুৰুত্ব আৰোপ কৰা হয়। এই আঁচনিৰ অধীনত কেইবাহাজাৰো যুৱক-যুৱতীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ইংলেণ্ড, আমেৰিকা, ইটালী, কাটাৰ, ডুবাই, ছিংগাপুৰকে ধৰি বিদেশৰ কেইবাটাও স্থানত চাকৰি কৰি আছে বুলি প্ৰতিষ্ঠানটোৰ সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | January 21, 2025 12:08 PM | Swabalamban Project
দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ প্রজেক্ট স্বাৱলম্বন শীৰ্ষক অভিলাষী প্রকল্পৰ সফলতা