মৰিগাঁও জিলা প্ৰশাসনে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা দিৱস উদযাপন কৰিছে। এই উপলক্ষে আজি পুৱা পতাকা উত্তোলন আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰা হয়। এইবাৰ এই দিৱসত কৃষি আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰ, উদ্যান শস্য, কলা-সংস্কৃতি আৰু আৰ্থসামাজিক প্ৰতিটো দিশ সামৰিলৈ বিকাশৰ নতুন ধাৰাৰে জিলাখনক আগবঢ়াই লৈ যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গৱেষণামূলক কর্মপন্থা আৰু নাগৰিকসকলৰ ঐক্যবদ্ধ প্রয়াসেৰে জিলাখনৰ উন্নয়নৰ সম্ভাৱনাসমূহ চিনাক্ত কৰাৰ বাবে এই দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী লোৱা হৈছে।
Assamese | October 14, 2024 7:23 PM | Akashvani | Morigaon
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁও জিলা প্ৰশাসনৰ মৰিগাঁও জিলা দিৱস উদযাপন