■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিষ দ্বিবেদীয়ে দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী সন্দৰ্ভত মাৰ্গদৰ্শন কৰে। সভাৰ অন্তত সাংবাদিকে বগীবিল দলঙৰ নামকৰণ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সোধা এটা প্ৰশ্নৰ উত্তৰত তেওঁ এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰা হ’ব বুলি মন্তব্য কৰে ।
Assamese | October 10, 2025 1:23 PM | Akashvani | Akashvani News | Assam BJP | Dibrugarh | Political News
দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত